অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল। ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested)৷
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷
সমান্তৰালভাৱে গোপন খবৰৰ ভিত্তিত নগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গোৱা আৰক্ষীৰ অভিযান। পাঁচ দিন ধৰি চলোৱা অভিযানৰ অন্তত আটক কৰিছে চাইবাৰ অপৰাধৰ লগত জড়িত দুজন লোকক।
ধৃত অপৰাধী কেইটা শিমলুগুৰিৰ য়েষ্মিনা আহমেদ আৰু ইটাপাৰাৰ আচ্ছাদুল ইছলাম বুলি জানিব পৰা গৈছে। ইপিনে আটক কৰা অপৰাধী দুটাক আদালতত হাজিৰ কৰি অধিক তথ্যৰ বাবে গোৱা আৰক্ষীয়ে লৈ যায়।