Share and Enjoy !

Shares

পুনৰ খোল খালে মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ ।বিগত ১৬ জানুৱাৰীৰ পৰাই মন্দিৰভাগৰ নিৰ্মাণকাৰ্যৰ বাবে ভক্তৰ লগতে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ শনিবাৰে পুনৰ মুকলি কৰা হয় দুৱাৰ । বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰৰ দুৱাৰ

মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে আজিৰে পৰা মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাংগণত আৰম্ভ হৈছে মহামৃত্যুঞ্জয় যজ্ঞ । শনিবাৰে পুৱা যজ্ঞৰ শুভাৰম্ভ কৰে মহামৃতুঞ্জয় মন্দিৰৰ ন্যাসৰক্ষী ৰিণিকি ভূঞা শৰ্মাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও বহু ভক্তই এই পৱিত্ৰ যজ্ঞ আৰু দৰ্শনৰ বাবে উপস্থিত হৈছে ।

এই সন্দৰ্ভত মৃত্যুঞ্জয় মন্দিৰ ট্ৰাষ্টৰ প্ৰতিনিধিয়ে কয়, “আজিৰ পৰা ইয়াত যজ্ঞ আৰম্ভ হৈছে । মহামৃতুঞ্জয় মন্দিৰৰ ট্ৰাষ্টি ৰিণিকি ভূঞা শৰ্মাই শুভাৰম্ভ কৰে । মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ ফলত মন্দিৰটো অধিক সুন্দৰ, সুৰক্ষিত আৰু ভক্ত-বান্ধৱ ৰূপে গঢ় লৈ উঠিছে ।” দুৱাৰ মুকলি হোৱাৰ লগে লগে ভক্তসকলৰ মাজত আনন্দ-উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *