Share and Enjoy !

Shares

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক।শুই থকা অৱস্থাতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নী আৰু দুই সন্তানক।

ধিঙৰ কাছখাটিত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো।এমদাদুল ইছলাম নামৰ লোকজনে কুঠাৰেৰ ঘপিয়াই প্ৰাণহানি কৰে পত্নী আৰু দুই সন্তানক।নিহত পত্নীৰ নাম তাজমিনা খাতুন, দিলহান হাছান আৰু আৰহান হাছান। বুলি জানিব পৰা হৈছে।

আৰক্ষীয়ে ঘটনাটো সংঘটিত হোৱাৰ পাছতে এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে। পত্নী আৰু সন্তান দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

শেহতীয়া খবৰ অনুসৰি এমদাদুল ইছলাম মানসিকভাৱে কিছু অসুস্থ আছিল। কিছুদিনৰ পৰা এমদাদুলৰ চৰমপন্থা গ্ৰহণৰ প্ৰৱণতাই দেখা দিয়া বুলি পৰিয়ালৰ লোকে সদৰী কৰে।

তেনে প্ৰৱণতাৰ বাবেই কিছুদিন পূৰ্বে বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত উঠি নিজকে শেষ কৰি দিয়াৰ চেষ্টা কৰিছিল যদিও ৰাইজ তথা পৰিয়ালৰ প্ৰচেষ্টাৰ বাবেই ব্যৰ্থ হৈছিল। আজি মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ চলাচল কৰা কলংপাৰ এক্সপ্ৰেছৰ তলত পৰি চৰমপন্থা গ্ৰহণৰ বাবে সময় চাবলৈ ঘড়ী বিচাৰিছিল এমদাদুলে। কিন্তু পত্নীয়ে নিদিলে। তাৰ বাবেই খৰ্গহস্ত হৈ কুঠাৰেৰে ঘপিয়াই পত্নী আৰু দুই সন্তানক হত্যা কৰে এমদাদুলে।

Leave a Reply

Your email address will not be published. Required fields are marked *