Share and Enjoy !

Shares

অসম চাহ জনজাতি ছাত্র সন্থা (আট্‌ছা) অসম চাহ জনজাতি মহিলা সমিতি “আটুৱা” নাজিৰা আৰু আমগুৰি শাখাৰ যৌথ উদ্যোগত নাজিৰা, আমগুৰি অন্তর্গত উপ-শাখা ও প্রাথমিক গোট সহযোগত নাজিৰা সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া ধর্ণা কার্যসূচী ৰূপায়ণ কৰে।

চাহ শ্রমিকসকলক জনজাতিকৰণ মর্যাদা প্রদান কৰা। চাহ শ্রমিকসকলৰ দৈনিক মজুৰি নিম্নতম মজুৰি আইন ১৯৪৮ অনুসৰি প্ৰদান কৰা ।দাবীৰে শতাধিক আটচা কৰ্মীয়ে চাহ জনজাতি কাৰ্যালয়ৰ পৰা নাজিৰা সম-জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নাজিৰা নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

“বিজেপি গ’ বেক, মুখ্যমন্ত্ৰী হুচিয়াৰ,মিছা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক,আমাক এচ টি লাগিবই”আদি ধ্বনিৰে নাজিৰাৰ আকাশ বতাহ উত্তাল কৰি তোলে।

অসম চাহ জনজাতি ছাত্র সস্থা (আটচা) ই দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত জনাই অহা অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বসবাস কৰি অসমৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আদি ক্ষেত্রত অৱদান আগবঢ়োৱা চাহ জনগোষ্ঠীৰ লোক সকলৰ জনজাতিকৰণ, ভূমি পট্টা আৰু চাহ শ্রমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত বিগত চৰকাৰ সমূহে যি নীতি অৱলম্বন কৰি আহিছিল সেই একে নীতিকে বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ খনেও অৱলম্বন কৰাৰ বিৰোধিতা কৰি জনজাতিকৰণ, ভূমি পট্টা আৰু চাহ শ্রমিক মজুৰি বৃদ্ধি এই তিনিওটা মূল দাবী হিচাপে তীব্ৰ কন্ঠেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

কেবল নির্বাচনী প্রতিশ্রুতি প্রদানতে চৰকাৰ ব্যস্ত থাকিলে আটছা আৰু চাহ জনগোষ্ঠীৰ বাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *