নলবাৰীত আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰা হয় ৷ নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত ৫১৬ সংখ্যক এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি নলবাৰী বাছ আস্থানৰ সন্মুখত বিশ্ব মহাবীৰ চিলাৰায়ৰ এটা পুৰ্ণাংগ মুৰ্তি উন্মোচন কৰা হয় ৷ উন্মোচন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
তাৰ পিচতে ৰাজ্য চৰকাৰৰ অৰ্থ সাহাৰ্যাৰে নলবাৰী চহৰৰ মহাৰাজ নৰনাৰায়ণ পথত বিশ্ব মহাবীৰ চিলাৰায় ভৱনটোৰ শুভ উদ্বোধন কৰা হয় ৷ এই ভৱনটোও উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
ভৱন উদ্বোধনৰ পিচতে বিশ্ব মহাবীৰ চিলাৰায় ভৱন চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী -জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়া উপস্থিত থাকে ৷ সভাত বিভিন্ন ক্ষেত্ৰৰ সন্মানীয় বহুকেইজন লোকক সন্মানো প্ৰদান কৰা হয়।