সাগৰীয়া যোদ্ধাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰসাগৰীয়া যোদ্ধাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

Share and Enjoy !

Shares

প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰে।

আজি প্ৰধানমন্ত্ৰীগৰাকী দীপাৱলী উদযাপনৰ বাবে গোৱাৰ উপকূলত থকা ভাৰতীয় নৌ-সেনাৰ স্বদেশী এয়াৰ ক্ৰাফ্ট কেৰিয়াৰ INS Vikrantত উপস্থিত হয়। গোৱা আৰু কাৰৱাৰ উপকূলৰ আইএনএছ বিক্ৰান্তত নৌসেনা বাহিনীৰ সৈতে দীপাৱলী উযদাপন কৰে মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ দীপাৱলীৰ অনুষ্ঠানত তেওঁৰ বিশেষ বাৰ্তাত প্ৰতিবেশী পাকিস্তানক পুনৰ অপাৰেচন সিন্দূৰৰ কথা মনত পেলাই দিয়ে আৰু পুনৰ এবাৰ কঠোৰ সকীয়নি প্ৰদান কৰে।

মোদীয়ে কয়, বিক্ৰান্ত নামটোৱে শুনিলেই ভয়ত কঁপে শত্ৰু। INS Vikrantত নৌ-সেনাৰ বিষয়া, জোৱানসকলৰ সৈতে এই পবিত্ৰ উৎসৱ উদযাপন কৰিবলৈ পোৱাতো এক সৌভাগ্য বুলি প্ৰধানমন্ত্ৰী মোদীয় মন্তব্য কৰে। সমুদ্ৰৰ পানীত সূৰ্য্যৰ ৰশ্মিৰ জিলিঙনি দেশৰ সাহসী সৈনিকে প্ৰজ্বলন কৰা দীপাৱলীৰ চাকিৰ দৰে বুলি তেওঁ প্ৰকাশ কৰে।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আজি এক চমৎকাৰ দিন। এই মুহূৰ্তটো স্মৰণীয়। আজি আমাৰ এফালে বিশাল সমুদ্ৰ, আনফালে ভাৰত মাতাৰ সাহসী সৈন্যসকলৰ অপৰিসীম শক্তি…’’। অপাৰেচন সিন্দূৰৰ কথা স্মৰণ কৰি পাকিস্তানক কঠোৰ সকীয়নিও দিয়ে মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *