প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়াত উপস্থিত হয়।
কুৱালা-লামপুৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে উষ্ম আদৰণি জনায়।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয়বাৰলৈ মালয়েছিয়া ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত বৈঠকত মিলিত হ’ব। এই বৈঠকত প্ৰতিৰক্ষা, অৰ্থনীতি, উদ্ভাৱন আদি ক্ষেত্ৰত ভাৰত-মালয়েছিয়াৰ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হ’ব।