Share and Enjoy !

Shares

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

দিনৰ প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰী গৰাকী কোকৰাঝাৰত উপস্থিত হ’ব। কোকৰাঝাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাশবাৰী অঞ্চলত স্থাপন হ’বলগীয়া ৰে’লৱে ক’চ ৰিপেয়াৰিং ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পথ উন্নয়ন আঁচনি ‘অসম মালা’ প্ৰকল্পৰো আনুষ্ঠানিক আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে। কোকৰাঝাৰত সৰ্বমুঠ ৪,৫৭০ কোটি টকাৰ প্ৰকল্প ৰাইজক উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে তিনিখন নতুন ৰে’লৰ শুভাৰম্ভ কৰিব। লগতে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কাৰ্যসূচীৰো আনুষ্ঠানিক আৰম্ভণি কৰিব। ইয়াৰ উপৰিও ৰাইজৰ বাবে ১৫০ মেগাৱাট ক্ষমতাসম্পন্ন কপিলী হাইড্ৰ’ পাৱাৰ প্ৰকল্প ৰ বিদ্যুৎ উৎপাদন প্ৰকল্পটো উছৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে।

আজি বিয়লি ৫ বজাত গুৱাহাটীত তেওঁ ১৯,৪৮০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন, ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰিব। একেদৰে কাইলৈ শিলচৰত ২৩,৫৫০ কোটি টকাৰ প্ৰকল্প ৰাইজক উপহাৰ দিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *