Share and Enjoy !

Shares

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শুকুৰবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰা ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে পূৰ্ব নিৰ্ধাৰিত বিভিন্ন অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যকে ধৰি একাধিক মন্ত্ৰী-সাংসদ আৰু বিধায়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *