অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।
দুদিনীয়া অসম ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনটো শুভ উদ্বোধন কৰিব লগতে ভাৰতৰত্ন গৰাকীৰ এটা প্রতিমূর্তি উন্মোচন কৰিব। গুৱাহাটীত এখন জনসভাও সম্বোধন কৰিব প্রধানমন্ত্রীগৰাকীয়ে।
২১ ডিচেম্বৰত প্রায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে নামৰূপত স্থাপন হ’বলগীয়া বার্ষিক ১২.৭ মেট্রিক টন সমৰ্থৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এখন জনসভাত অংশগ্রহণ কৰিব মোদীয়ে।
চৰকাৰী এই ভ্ৰমণসূচীৰ উপৰিও দলীয় কাৰ্যসূচী আৰু জনসভাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।