প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনকলৈ সৰভোগ আৰু বৰপেটাৰোডত প্ৰস্তুতি তুংগত।
কাইলৈ বৰপেটাৰোডলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনকলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন।
সৰভোগৰ পি এম শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয় খেল পথাৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ।
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে হাজাৰ-হাজাৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী লগতে নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে।
সৰভোগত হেলিকপ্টাৰৰ অৱতৰণৰ পিছতে বৰপেটাৰোড ষ্টেডিয়ামত পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব বিশাল নিৰ্বাচনী সভা।
ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোড ষ্টেডিয়ামত বিশাল নির্বাচনী জনসভাত নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
বৰপেটাৰোড ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশাল নিৰ্বাচনী জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ভৱানীপুৰ-সৰভোগ সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসসহ ৭ সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
ভৱানীপুৰ-সৰভোগ, বজালী, মানস,পাকাবেতবাৰী, বৰপেটা, অভয়াপুৰী আৰু বিজনী সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ’বলগীয়া বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত সাত সমষ্টিৰ পৰা লক্ষাধিক লোকৰ সমাগম হ’ব বুলি জনায় ৰণজিৎ কুমাৰ দাসে।
সকলো স্তৰৰ ৰাইজক মোদীৰ সভালৈ নিমন্ত্ৰণ জনাইছে ৰণজিৎ কুমাৰ দাসে।
যিসকলে প্ৰধানমন্ত্ৰী গৰাকীক এবাৰ ওচৰৰ পৰা চাব বিচাৰে তেওঁলোকে পুৱা ৯:৩০ বজাৰ পূৰ্বে সভাত উপস্থিত হয় তাৰ বাবে আহ্বান জনাইছে ৰণজিৎ দাসে।