Share and Enjoy !

Shares

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।দুদিনীয়া ভ্ৰমণসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী।

শনিবাৰে দিনৰ ২.৪৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী৷ বিমানবন্দৰত নতুনকৈ নিৰ্মাণ কৰা টার্মিনেলটো উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈৰ ২১ ফুট উচ্চতাৰ এক প্রতিমূর্তিও উন্মোচন কৰিব মোদীয়ে। বিমান বন্দৰ চৌহদত অনুষ্ঠিত এক বিশাল জনসভাও সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে৷

জনসভাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে যাত্রা কৰিব ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ। বিমান বন্দৰৰ পৰা বশিষ্ঠলৈ যাত্ৰা কৰাৰ সময়ত পথৰ দুয়োকাষে দলীয় কর্মী-সমর্থকে প্রধানমন্ত্ৰীক সম্ভাষণ জনাব ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীৰ পৰা বশিষ্ঠলৈ এক ৰোড শ্ব’ত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে৷

জানিব পৰা মতে, ২০ ডিচেম্বৰৰ নিশাটোকইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত কটাব ৷ ২১ ডিচেম্বৰৰ পুৱা উজানবজাৰস্থিত সতী সাধনী শান্তি উদ্যানত উপস্থিত হ’ব মোদী। সতী সাধনী শান্তি উদ্যানত প্ৰধানমন্ত্ৰীয়ে ‘পৰীক্ষা পে চর্চা’ শীর্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

‘পৰীক্ষা পে চর্চা’ শীর্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি পোনে পোনে পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰীয়ে৷ ছহিদ স্মাৰক ক্ষেত্ৰৰ কাৰ্যসূচী সামৰি ৰাওনা হ’ব নামৰূপলৈ। নামৰূপ সাৰ কাৰখানাত নিৰ্মাণ হ’বলগীয়া নতুন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। প্রায় ১০ হাজাৰ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে নামৰূপত এখন বিশাল জনসভাক সম্বোধন কৰিব।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *