এইবাৰ অসমীয়া আধ্যাত্মিক আৰু ধৰ্মীয় চেতনা আৰু স্বাভিমানৰ প্ৰতীক চেলেং চাদৰক অপমানএইবাৰ অসমীয়া আধ্যাত্মিক আৰু ধৰ্মীয় চেতনা আৰু স্বাভিমানৰ প্ৰতীক চেলেং চাদৰক অপমান

Share and Enjoy !

Shares

গুৱাহাটী ১২ ডিচেম্বৰ: এগৰাকী বলীউদৰ জনপ্ৰিয় অভিনেতাৰ সম্পৰ্কলৈ আহি একাংশ লোকৰ মাজত বিখ্যাত হৈ পৰা বুলি নিজকে প্ৰচাৰ কৰা কৰিশ্মা হাজৰিকা নামৰ এগৰাকী মহিলা নাচনীয়ে তেওঁক নিমন্ত্ৰণ কৰা একাংশ সভা, সমিতিত তেওঁক প্ৰদান কৰা অসমীয়া জাতীয় সম্পদ আৰু ধৰ্মীয় স্বাভিমানৰ প্ৰতীক চেলেং চাদৰখনক অতি নিৰ্লজ্জভাৱে পৰিধান কৰা কাৰ্যই সমগ্ৰ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনক জোকাৰি যোৱাৰ লগতে চিন্তিত কৰি তুলিছে।

খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে কৰিশ্মা হাজৰিকা নামৰ এই গৰাকী মহিলাই বলীউদৰ অভিনেতাগৰাকীৰ সান্নিধ্যলৈ আহি ৰাতিটোৰ ভিতৰতে নিজকে ( চেলিব্ৰেটি) সজোৱা এই গৰাকী অপৰিচিত মহিলাই অসমীয়া জাতিক গৌৰৱময় কৰি তোলা চেলেং চাদৰখনক অতি বেপেৰুৱাভাৱে পৰিধান কৰি সমগ্ৰ অসমীয়া জাতীয় জীৱনক লৈ হেতালি খেলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে এই সম্পৰ্কত প্ৰকাশ কৰা এটা বিবৃতি যোগে কয় যে,এই গৰাকী মহিলাক বিভিন্ন জনে সভা সমিতিলৈ নিমন্ত্ৰণ কৰি সন্মানৰ প্ৰতীকৰূপে প্ৰদান কৰা বান্দৰে নাৰিকলৰ মূল নুবুজাৰ দৰে চেলেং চাদৰৰ মূল্য নুবুজা এই মহিলা নাচনীগৰাকীয়ে এই চেলেং চাদৰখনক মেখেলা হিচাপে ব্যৱহাৰ কৰি অসমীয়া আধ্যাত্মিক,ধৰ্মীয় আৰু সাংস্কৃতিক চেতনা আৰু মূল্যবোধক অতি নিৰ্লজ্জ ভাবে অপমান কৰিছে। অসমৰ ধৰ্মীয় অনুষ্ঠানত মৰ্য্যদাৰ প্ৰতীক হিচাপে প্ৰদান কৰা এই চেলেং চাদৰখন শৰীৰৰ নিম্ন অংশত মেখেলা হিচাপে পৰিধান কৰি নিজে সামাজিক মাধ্যমত প্ৰচাৰ কৰা কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে।

জাতীয় জীৱনক সমৃদ্ধ কৰা এই চেলেং চাদৰ খন সাধাৰণতে শৰীৰৰ ওপৰ অংশত অতি ভক্তি ভাবেৰে পৰিধান কৰা হয়।কিন্ত্ত এই গৰাকী মহিলাই সত্ৰীয়া কৃষ্টিৰ এক গৌৰৱময় অংগ চেলেং চাদৰখনক সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰি আৰু চেলেং চাদৰখন দলিয়াই উদ্দাম নৃত্য প্ৰদৰ্শন কৰি বৰ্তমান কাম সময়তে আৰু উজু বাটেৰে বিখ্যাত হব খোজা একাংশ লোকৰ উশৃংখল মানসিকতাক উদঙাই দিছে ।

খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে এনে পাবত গজা চেলিব্ৰেটি ৰ কাৰ্য কলাপৰ উপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এনে মহিলাই যাতে ভৱিষ্যতে এনে কাৰ্য পুনৰ সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *