দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা ছামেদ আলীৰ সম্পত্তি জব্দ EDৰ।
৫০ লাখ টকা মূল্যৰ স্থাৱৰ সম্পত্তি জব্দ EDৰ।
আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল ছামেদ আলীক।
ছামেদ আলী আৰু পৰিয়ালৰ মুঠ সম্পত্তিৰ মূল্য হৈছিল ৩ কোটি ৭ লাখ। যাৰ আয় বৰ্হিভুত সম্পত্তিৰ পৰিমান ১৫২.৯৬ %।
কেনেদৰে ছামেদে হৈছিল কোটি কোটি টকাৰ গৰাকী?
লোকনিৰ্মান বিভাগৰ প্ৰাক্তন কাৰ্যবাহী অভিযন্তা ছামেদ আলীয়ে এগৰাকী মহিলাৰ নামত বেনামি একাউণ্ট খুলি জমা কৰিছিল ৫০ লাখ টকা। পৰিয়ালৰ সদস্যৰ একাউণ্টত জমা কৰিছিল ৯২.৩ লাখ টকা। পি ডব্লিউ ডি ঠিকাদাৰৰ লগত লেনদেন আছিল ৪১.৩ লাখ টকা।
উপহাৰস্বৰূপে ঠিকাদাৰ ভায়েকৰ পৰা লৈছিল ২৮.১৬ লাখ টকা। ১৭.৩ লাখ টকা আৰ.কে. ইণ্ডাষ্ট্ৰীছ পৰা ছামেদ আলী লৈ আহিছিল।
যি সমূহ লেনদেনৰ কোনো নথি পত্ৰ দেখুৱাব নোৱাৰিলে ছামেদ আলীয়ে। ফলত EDয়ে জব্দ কৰে ৫০ লাখৰ সম্পত্তি।