Share and Enjoy !

Shares

গোসাইগাঁৱৰ তেলিপাৰা টোল গেটত উত্তপ্ত পৰিস্থিতি ।

বিটিচিত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই গোঁসাইগাঁও আৰু শ্ৰীৰামপুৰত বৃদ্ধি পাইছে এটাৰ পিছত আন এটা অপ্ৰীতিকৰ ঘটনা।

ট্ৰাকৰ পৰা অবৈধ ধন লোৱাৰ অভিযোগ তেলিপাৰা টোল গেট কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

বহি:ৰাজ্যৰ পৰা অহা মালবাহি ট্ৰাকৰ পৰা অবৈধ ধন বিচাৰক কেন্দ্ৰ কৰি উত্তেজনা ।

ধন নিদিয়াৰ বাবে ট্ৰাক চালকক মাৰপিঠ কৰে টোল গেটত থকা গুণ্ডাবাহিনীৰ দলে ।

টোল গেট কৰ্মী আৰু গুণ্ডবাহিনিৰ আক্ৰমণত গুৰুতৰ ভাবে আহত বিহাৰ আৰু গোসাঁইগাঁৱৰ ট্ৰাক চালক ।

অতিৰিক্ত ভাৱে সামগ্ৰী কঢ়িওৱা অভিযোগ তুলি ট্ৰাকৰ পৰা ধন বিচাৰে গুণ্ডাবাহিনীৰ দলে । বিচৰা ধন নিদিলে বিভিন্ন ভয়-ভাবুকি আৰু শাৰীৰিক ভাবে আক্ৰমণ কৰি ধন আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে টোল গেটত থকা গুণ্ডাবাহিনীৰ দলৰ বিৰুদ্ধে ।

আনহাতে ট্ৰাক চালকসকলে অভিযোগ কৰে যে ঘটনাস্থলীত গোসাঁইগাঁও আৰক্ষী উপস্থিত আছিল যদিও ট্ৰাক চালক সকলক কোনো ধৰণৰ সহায় কৰা নাই । টোল কৰ্মীয়ে গোসাঁইগাঁও আৰক্ষীক কিনি ৰাখিছে বুলিও অভিযোগ কৰে ।

উক্ত ঘটনাক কেন্দ্ৰ কৰি আজি ট্ৰাক চালক সকলে টোল গেটৰ সন্মূখত ট্ৰাক ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

প্ৰতিবাদ কাৰিক নিয়ন্ত্ৰণ কৰিব গৈ গোঁসাইগাঁৱৰ SDPO আহত

ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় যদিও কিছু সময় পিছত কোকৰাঝাৰৰ পৰা Additional SP আহি উপস্থিত হয়

Leave a Reply

Your email address will not be published. Required fields are marked *