ধনে ,জনে অতি শক্তিশালী ৰূপত সংগঠিত হৈ থকা বিজেপি দলক আগন্তুক অসম বিধানসভা নিৰ্বাচনত পৰাজিত কৰিবলৈ কংগ্ৰেছ দলে আজিলৈ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিব পৰা নাই।আনকি আজিৰ তাৰিখত কংগ্ৰেছ দলে বিজেপিৰ লগত প্ৰতিদ্বন্দিতাৰ শাৰীলৈ আহিব পাৰে নে নোৱাৰে সেই সন্দৰ্ভতো ৰাইজ আশ্বস্ত হ’ব পৰা নাই ।
আনহাতে বিৰোধী ঐক্যৰ নামত চলি থকা নাটক দেখি ৰাইজে কেৱল আমোদ হে পাইছে । তাৰিখৰ পিছত তাৰিখ ঘোষণাৰ দ্বাৰা বিৰোধী ঐক্যৰ নামত চলি থকা এই কাৰ্য যেন বহুৱালিহে হৈছে ।কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ এই অতি সংকটপূৰ্ণ সময়ৰ মাজত ভূতৰ ওপৰত দানহ পৰা দি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলৰ পৰা পদত্যাগ কৰাৰ ঘটনা প্ৰবাহে কংগ্ৰেছ দলৰ ভিতৰে-বাহিৰে প্ৰবল ভূমিকম্পৰ সৃষ্টি কৰিছে ।অসমৰ ৰাজনৈতিক বতাহ গৰম হৈছে।
সকলো সংবাদ মাধ্যম ৰাজনৈতিক মছলা যুক্ত বাতৰিৰ পিছত দৌৰি থাকোঁতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানিৰ বাতৰি তল পৰিছে । কংগ্ৰেছৰ সকলো স্তৰৰ নেতৃত্বই ভিৰ কৰিছে ভূপেন বৰাৰ ঘৰত, বুজনি দিছে, পদত্যাগ পত্ৰ উঠাই লবলৈ খাটনি ধৰিছে ।
ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ো বৰাৰ লগত আলোচনাত মিলিত হৈছে ।প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজহুৱা ভাৱে বৰাৰ ওচৰত ক্ষমা বিচাৰিছে দলে কৰা ভুলৰ বাবে ।এনেবোৰ ঘটনা- পৰিঘটনা সংঘটিত হৈছে সংবাদ মাধ্যমৰ সমুখত।কিন্তু তথাপিও ভূপেন বৰাই এটা স্পষ্ট সিদ্ধান্ত দিবলৈ সময় লৈছে ।
কিয়নো এনে পৰিস্থিতিৰ বলি অকল ভূপেন বৰাই হোৱা নাই।তেওঁৰ পৰিয়ালও এনে পাৰস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। কংগ্ৰেছ দলৰ এনে ৰাজনৈতিক অস্থিৰতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপি দলে ভূপেন বৰাক দললৈ আদৰণি জনাইছে।আনকি মুখ্যমন্ত্ৰীয়ে তেওঁক নিৰ্বাচনত জিকাৰ সম্পূৰ্ণ সম্ভাৱনা থকা সমষ্টি দিব বুলিও ঘোষণা কৰিছে ।
কংগ্ৰেছৰ বাহিৰে অন্য বিৰোধী শিবিৰেও ভূপেন বৰালৈ বিভিন্ন প্ৰস্তাৱ আগবঢ়াইছে ।ভূপেন বৰাক লৈ চলি থকা এনে ব্যাপক তৎপৰতাই কংগ্ৰেছ দলক এক বিৰাট অগ্নিপৰীক্ষাৰ মাজলৈ ঠেলি দিছে। ইযাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে ভূপেন বৰাক তেওঁৰ ঘৰত সাক্ষাৎ কৰিবলৈ যাব বুলি কৰা ঘোষণা এক বিৰাট ৰাজনৈতিক পাটীগণিত হিচাপে বিবেচিত হৈছে ।
ইমান ৰাজনৈতিক টনা আজোৰাৰ পিছতো ভূপেন বৰাই মঙলবাৰে তেওঁৰ সিদ্ধান্ত ঘোষণা কৰিব বুলি কোৱা কথাষাৰে অসমৰ আগন্তুক ৰাজনৈতিক বতৰ গোমা কৰি ৰাখিব ।কংগ্ৰেছ দলৰ মাজত জ্বলা এই জুই কুৰাই দলটোক একেবাৰে পুৰি চাই কৰিব নে,নিকা কৰিব সেইটো অতি লক্ষণীয় হব । নে মুখ্যমন্ত্ৰীৰ অতি চতুৰ ৰাজনীতিৰ চাকনৈয়াত পৰি কংগ্ৰেছ একেবাৰে উটি যাব ?