Share and Enjoy !

Shares

এটা যুগৰ অৱসান পশ্চিমবংগৰ ৰাজনীতিৰ । ভাৰতৰ প্ৰাক্তন ৰে’লমন্ত্ৰী, TMC নেতা মুকুল ৰয়ৰ দেহাৱসান। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰে’লমন্ত্ৰীগৰাকীয়ে।

বিগত কেইবা দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল মুকুল ৰায় । কিন্তু কিছুদিনৰ পৰা তেওঁ চিকিৎসাত সঁহাৰি দিয়া নাছিল । অৱশেষত দেওবাৰে মাজনিশা কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত হৃদৰোগত আক্রান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে মুকুল ৰয়ৰ৷ অন্তিম 72 ঘণ্টা তেওঁৰ শাৰীৰিক অৱস্থা অত্যন্ত সংকটজনক হৈছিল বুলি চিকিৎসকে জনাইছে

জ্যেষ্ঠ ৰাজনীতিকৰ মৃত্যুত শাসক-বিৰোধী উভয় দলৰে ৰাজনৈতিক মহল শোকস্তব্ধ হৈ পৰিছে

সোমবাৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী মুকুল ৰয়ৰ মৃত্যুতে শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতেই লিখিছে, “প্রাক্তন কেন্দ্রীয় মন্ত্রী শ্রী মুকুল ৰয়জীৰ প্রয়াণত শোকাহত হৈছোঁ । তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজসেৱামূলক প্রচেষ্টা স্মৰণীয় হৈ থাকিব । তেওঁৰ পৰিয়াল আৰু সমর্থকসকলৰ প্রতি সমবেদনা জনাইছোঁ । ঔম শান্তি ।”

আনহাতে, দীর্ঘদিনৰ সহকর্মীকে হেৰুৱাই শোকাহত হৈ পৰিছে বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী ৷ এক্সত মুখ্যমন্ত্রী মমতা বেনাৰ্জী লিখিছে, “প্রবীণ ৰাজনীতিবিদ মুকুল ৰয়ৰ মহাপ্রয়াণৰ বাতৰি লাভ কৰি বিচলিত আৰু মর্মাহতবোধ কৰিছোঁ । তেওঁ মোৰ দীর্ঘদিনীয়া ৰাজনৈতিক সহকর্মী আছিল, বহু ৰাজনৈতিক সংগ্রামৰ সহযোদ্ধা আছিল । তেওঁৰ বিদায়ৰ খবৰে মোক বেদনাহত কৰিছে । প্রয়াত মুকুল ৰয়ে তৃণমূল কংগ্রেছৰ প্রতিষ্ঠালগ্নৰে পৰা দলৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে ।”

লগতে লিখিছে, “তেওঁ কেন্দ্রীয় মন্ত্রী হৈছিল, দলৰ সর্বস্তৰতে তেওঁৰ গ্রহণযোগ্যতা আছিল । পৰৱৰ্তী সময়ত তেওঁ ভিন্ন পথ লয় যদিও পুনৰ উভতি আহে । বংগৰ ৰাজনীতিত তেওঁৰ অৱদান আৰু সাংগঠনিক দক্ষতাৰ কথা পাহৰিব নোৱাৰি । ৰাজনৈতিক মহলত দল-মত নির্বিশেষে তেওঁৰ অভাৱ অনুভৱ কৰিব । এনে এগৰাকী অভিজ্ঞ নেতা আৰু সহকর্মীৰ পৰিবাৰ আৰু অনুৰাগীসকলৰ প্রতি মই আন্তৰিক সমবেদনা জনাইছোঁ । শুভ্রাংশুক কৈছোঁ, মনটো শক্তিশালী কৰক: এই সংকটত আমি আপোনাৰ সৈতে আছোঁ ।”

Leave a Reply

Your email address will not be published. Required fields are marked *