Share and Enjoy !

Shares

আজিৰে পৰা বটদ্রৱা থানত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ। গোসাইক কীৰ্তনঘৰৰ পৰা উলিয়াই গন্ধ তেলেৰে নোৱাই নতুন বস্ত্র পিন্ধোৱা হ’ব।

আজিৰ পৰা প্রায় পাঁচশ বছৰ আগতে জগত গুৰু শ্রীমন্ত শংকৰদেৱে ‘চিহ্নযাত্রা’ ভাওনা অনুষ্ঠিত কৰা স্থানত জগন্নাথ পুৰীৰ ইন্দ্রদ্যুম্ন ৰজাই সজা দৌলৰ আৰ্হিত এটি দৌল মন্দিৰ সাজি ভাৰতীয় মহাজীৱনৰ অনুপম আনন্দ ৰঙৰ উৎসৱ ফাকুৱা পাতিছিল।

তাহানিৰ পৰা সেই মহান ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। আজিৰে পৰা বৰপেটাত আৰম্ভ দৌল উৎসৱ। আজিৰে পৰা ৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্রৱা থানত দৌল যাত্ৰা মহোৎসৱ পালন কৰা হ’ব। লগতে আজি গন্ধ উৎসৱ উপলক্ষে গোঁসাইক স্থাপন কৰিব দৌল মথত।

আজি গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি কীৰ্তন ঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ’ব। পিছত গোসাঁইক স্নান কাৰ্য্য সম্পাদনৰ পিছত গান্ধবিৰিঙা, গুণ গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে নোৱা হ’ব। তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। আজিৰে পৰাই বটদ্ৰৱা থানলে আগমন ঘটিছে দূৰ দূৰণিৰ তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণৱৰ। পুৱাৰে পৰা হৰি নাম অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান।

Leave a Reply

Your email address will not be published. Required fields are marked *