Share and Enjoy !

Shares

আনুষ্ঠানিকভাৱে BPFত যোগদান কৰিলে BTCৰ বিৰোধী দলপতি তথা সদ্য পদত্যাগী UPPL নেতা খাম্পা বৰগয়াৰীয়ে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতি UPPL ত্যাগ কৰি আনুষ্ঠানিকভাৱে BPFত যোগ দিলে খাম্পা বৰগয়াৰীয়ে৷

চিৰাং জিলা সদৰ কাজলগাঁৱত আয়োজিত BPF দলৰ উদ্যোগত আয়োজিত হয় ‘দিছপুৰ চলো’ যাত্ৰা। এই উপলক্ষে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আলাই খুংগ্ৰী খেল পথাৰৰ পৰা এক পদযাত্ৰা কাজলগাঁও বজাৰত উপস্থিত হৈ এখন সভাত অংশ লয়৷ উক্ত সভাত খাম্পা বৰগয়াৰীৰ লগতে ইউপিপিএলৰ প্ৰাক্তন সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীসহ অৰ্ধশতাধিক ইউপিপিএল আৰু বিজেপি নেতা কৰ্মীক বিপিএফ দললৈ আদৰণি জনোৱা হয়৷

ইফালে এনডিএৰ তৰফৰ পৰা বিটিচিত আসন ভাগ বটোৱাৰা চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে বিটিচিৰ অন্তৰ্গত ১৫টা বিধানসভা আসনত এনডিএ হিচাপে জিকাই দিয়াটো বিপিএফৰ দায়িত্ব আছে৷ যদিও আসন ভাগ বটোৱাৰা বৰ্তমান লৈ চূড়ান্ত হৈ উঠা নাই৷ খাম্পা বৰগয়াৰীয়ে উন্নয়নৰ স্বাৰ্থত ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগ দান কৰা বুলি উল্লেখ কৰি বিপিএফক শ্ৰেষ্ঠ দল আখ্যা দিয়ে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *