Share and Enjoy !

Shares

দক্ষিণ শালমাৰা মানকাচৰ জিলাত চাঞ্চল্যকৰ ঘটনা।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাৰ সন্দেহজনক মৃত্যু।।গাঁওখনৰ আমিৰুল শ্বেখ নামৰ লোকজনৰ পত্নী ৰেশিগিনা বেগমৰ মৃতদেহ উদ্ধাৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি , ঘটনাৰ দিনা নিশা ঘৰৰ ওচৰত এখন মেলা চলি আছিল আৰু সেই মেলাত জুৱা খেলিছিল আমিৰুল শ্বেখ। আমিৰুল শ্বেখে উক্ত জুৱা খেলত অংশগ্ৰহণ কৰি বৃহৎ পৰিমাণৰ ধন হাৰি ঘৰলৈ উভতি আহিছিল আৰু তাৰ পিছতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

ইফালে, স্বামী আমিৰুল শ্বেখে দাবী কৰা অনুসৰি মেলাৰ পৰা পুৱতি নিশা ঘৰলৈ উভতি অহাৰ সময়ত পত্নী ৰেশিগিনা বেগমে ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে। কিন্তু মৃত মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে এই দাবী অস্বীকাৰ কৰি দীৰ্ঘদিন ধৰি ৰেশিগিনা বেগমক স্বামীৰ ঘৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহা হৈছিল বুলি গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সহকাৰী আয়ুক্ত পাপ্পু গগৈ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সন্দেহত স্বামী আমিৰুল শ্বেখ আৰু তেওঁৰ পিতৃ-মাতৃক থানালৈ লৈ গৈ সোধ-পোছ আৰম্ভ কৰিছে ।

আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *