ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ ৩ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা।
উল্লেখ্য যে,বৃহস্পতিবাৰে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে তেৰছ গোৱালা, যোগেন মহন আৰু প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তিনিওৰে মনোনয়ন পত্ৰ নিৰীক্ষণ কৰিছিল।নিৰীক্ষণৰ পাছত নিৰ্বাচনী বিষয়া ৰাজীৱ ভট্টাচাৰ্যই ঘোষণা কৰে।
নিৰ্বাচনী সূচী অনুসৰি অহা ৯ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। যদি সেই দিনাৰ ভিতৰত কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে, তেন্তে তিনিওজন প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ঘোষণা কৰি বিজয়ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।