Share and Enjoy !

Shares

চৰ্চাত শংকৰজ্যোতি বৰুৱাই শেহতীয়াকৈ সক্ৰিয় ৰাজনীতিত যোগদান কৰা।ৰাজনীতিলৈ যোৱাৰ কুচকাৱাজ চলোৱাৰ সময়তে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ বাটত হেঙাৰ হৈ থিয় দিছে প্ৰাক্তন প্ৰেমিকা।

প্ৰাক্তন প্ৰেমিকাগৰাকীয়ে সামাজিক মাধ্যমত তেওঁৰ এই যাত্ৰাত বাধা হৈ থিয় দি লিখিছে বহু বিস্ফোৰক কথা।

তেওঁ লিখিছে

“মোৰ জীৱন ধ্বংস কৰা শংকৰজ্যোতি বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে। মই বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাইছোঁ বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালী জীৱন ধ্বংস কৰা এনে লম্পদ চৰিত্ৰৰ ব্যক্তিক দলত অন্তৰ্ভুক্ত নকৰিবলৈ।

বহুতে ক’ব খোজে আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ সৈতে সি ঘনিষ্ঠ আৰু সেই কাৰণেই বিজেপি দলে তাক ল’বলৈ ওলাইছে। মই কথাটো বিশ্বাসত ল’ব পৰা নাই। সোনোৱাল ডাঙৰীয়াই নাৰীৰ জীৱনৰ সৈতে হেতালি খেলা ব্যক্তিক এনে সুবিধা কৰি নিদিয়ে বুলি মোৰ দৃঢ় বিশ্বাস।

মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া, পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এনে ব্যক্তিক দলত যোগদানৰ অনুমতি নিদিবলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *