পৰ্বতঝোৰা আৰক্ষীৰ বৃহৎ সফলতা। পৰ্বতঝোৰা অঞ্চলৰ পৰা অপহৃত হোৱা দুগৰাকী কিশোৰী উদ্ধাৰ আৰক্ষীৰ। গৌৰীপুৰৰ তেলীপাৰাৰ পৰা উদ্ধাৰ কিশোৰীদুগৰাকীক। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুগৰাকী মহিলাসহ এজন লোকক আটক কৰে আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, কিছুদিন পূৰ্বে পৰ্বতঝোৰাৰ পৰা দুগৰাকী কিশোৰী সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল। পৰিয়ালৰ এজাহাৰৰ পাছতে বগৰীবাৰী আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। অৱশেষত পৰিয়ালৰ সহযোগত কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
ইপিনে অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা ব্যক্তিকেইজন ক্ৰমে মমতাজ বেগম, জেলেকা খাতুন আৰু নুৰ আমিন বুলি জানিব পৰা গৈছে। কিশোৰী দুগৰাকীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ উদ্দেশ্যে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হয়। বগৰিবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন ব্যক্তি তিনিজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।