Share and Enjoy !

Shares

নীতিন নবীন হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি।

মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। ৰাষ্ট্ৰীয় সভাপতি হিচাপে নীতিন নবীনৰ নাম

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাবে দাখিল কৰিলে মনোনয়ন।

কাৰ্যকৰী সভাপতি নীতিন নবীনে দাখিল কৰে মনোনয়ন।

আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন নকৰাৰ ফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰীয় সভাপতি হ’ব নীতিন নবীন৷

আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, নীতিন গাডকাৰী আৰু আন জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন প্ৰক্ৰিয়া সম্পন্ন হয়। প্ৰায় দুঘণ্টাজোৰা আয়োজনত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে দলৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *