Share and Enjoy !

Shares

ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ।

শুকুৰবাৰে দিল্লীত উপ-ৰাষ্ট্ৰপতি তথা সংসদৰ উচ্চ সদনৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে শপত বাক্য পাঠ কৰালে নীতিশ কুমাৰক।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্য মন্ত্ৰী তথা ৰাজ্যসভাত সদনৰ নেতা জে পি নাড্ডা, মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং, কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশ আদি ।

শপত গ্ৰহণৰ পিছত ৰাধাকৃষ্ণনে তেওঁক ৰাজ্যসভাৰ পৰিষদলৈ আদৰণি জনায় । এই শপত গ্ৰহণ অনুষ্ঠানে তেওঁৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ দিশত এক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । শুকুৰবাৰে সন্ধিয়া তেওঁ পাটনালৈ উভতি আহিব আৰু দুদিনমানৰ পাছতে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *