Share and Enjoy !

Shares

নতুন বৰ্ষৰ প্ৰথমটো দেওবাৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন বনভোজথলীত ভিৰ অগণন লোকৰ

চকুৰ পচাৰতে যেন শেষ হ’ল এটা বছৰ। নতুন বছৰটো আৰম্ভণিৰ চাৰি দিন উকলিল। ২০২৬ বৰ্ষৰ প্ৰথমটো দেওবাৰ। সকলোৰে বাবে এটা ছুটীৰ দিন। শীতৰ সেমেকা এয়া বনভোজৰ বতৰ। এয়া যেন আনন্দৰ সময়।
পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়।

নতুন বছৰৰ দেওবাৰটো বিশেষ কাৰণ এই দিনটোত প্ৰায় সকলো লোকৰে পৰিকল্পনা থাকে। ব্যস্ততাৰ মাজতো নিজৰ বাবেও কিছু সময় উলিয়াই সকলোৱে লগতে এই দিনটোত বনভোজ খাবলৈ ৰাজ্যৰ বিভিন্ন বনভোজস্থলীসমূহ ভিৰ কৰে অগণন লোকে। প্ৰথমটো দেওবাৰে লগে-ভাগে এসাজ খাবলৈ এতিয়া প্ৰকৃতিৰ বুকুলৈ ঢাপলি মেলিছে সকলোৱে। নিজৰ বাবে কিছু সময় কটাই ব্যস্ততাপূৰ্ণ জীৱনলৈ পুনৰ অগ্ৰসৰ হয় সকলো।

উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী বনভোজস্থলীত বনভোজ যাত্ৰীয়ে পাতিলে উছবৰ যেন মহা আয়োজন । বনভোজৰ পাৰভঙা উছাহত সকলো উটি ভাহি গ’ল । কোনোৱে গাইছে আন কোনোৱে নাছিছে ,গাত তত নাইকীয়া প্ৰতিজনৰ । ৰান্ধি ভালপোৱা ককাইহঁতে কালৈকো নাচাই ৰান্ধিছে বিবিধ ব্যঞ্জন । প্ৰকৃতিৰ মাজত লগে ভাগে বনভোজ খাই এপাক যেন নানাচিলে মনটোৱে কেনেবা কৰে ।সেয়ে গছ বনৰ সতে কথা পাতি সুস্বাদু বিবিধ ব্যঞ্জনৰ জুতি ললে সকলোৱে । ছেগ বুজি ইজনে সিজনক ইংৰাজী নব বৰ্ষৰ শুভেচ্ছাও দিলে । মুঠতে নৱবৰ্ষৰ আনন্দৰ জুচতে দুই একে ৰঙা পানী টুপিও ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *