Share and Enjoy !

Shares

শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি জন্মদিন। পুৱাই পৰিয়ালৰ লোকে ৰাজগড়ত হত্যা কৰা স্থানত থকা প্ৰতিমূৰ্তিৰ শ্বহীদবেদীত শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁক স্মৰণ কৰে।

পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ ।১৯৯৬ চনত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাব লগাত পৰিছিল পৰাগ কুমাৰ দাসে । ৮০ দশকতেই পৰাগ কুমাৰ দাসে প্ৰান্তিক আৰু আন আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল ।

১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ দাসে গুৱাহাটীৰ চেনীকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুলত অধ্যয়ন কৰি কটন কলেজিয়েটৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল পৰাগে । তাৰ পাচত তেওঁ কটন কলেজত শিক্ষাগ্ৰহণ কৰাৰ লগতে দিল্লীৰ ছেইন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিভাগত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল । ইয়াৰে পৰৱৰ্তী পৰ্যায়ত স্কুল অৱ ইক’নমিকছৰ পৰা স্নাতক ডিগ্ৰী লৈছিল পৰাগ কুমাৰ দাসে ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *