আজি ভোগৰ উৎসৱ ভোগালী বিহু । পুহৰ অন্তত হাঁড় কঁপোৱা জাৰত পুৱাই মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷ অসূয়া অপ্ৰীতিকে দূৰ হোৱাৰ কামনাৰে সকলোৱে অগ্নি দেৱতাক কৰিলে সেৱা ৷ মূলতঃ অনুকূল-প্ৰাকৃতিক পৰিৱেশ, কৃষিজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি ভিন ভিন তৰহৰ খাদ্য দ্ৰব্যৰ প্ৰাচুৰ্য আদি কাৰণত ভোগৰ বতৰ হিচাপে বিবেচিত হৈ অহা এই সময়ছোৱাৰ অন্যতম উৎসৱ মাঘ বিহু বা ভোগালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সকলো ঠাইতে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে(Magh Bihu) ।
অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই।
লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে প্ৰাৰ্থনা কৰিলে। একেদৰে মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বিহু উপলক্ষে জা-জলপান, পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাড়ু, মাহ কঢ়াই আদিৰে ভোগালীৰ ভোগ গ্ৰহণৰ পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয়।অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু উদযাপনৰ উপলক্ষে ৰাজ্যখনৰ গাঁৱে-ভূঞে, চহৰে-নগৰে বিগত দিন কেইটাত বজাৰ-সমাৰ সকলোতে ব্যাপক ভীৰ পৰিলক্ষিত হৈ আহিছে ।
ভোগালীৰ উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাই ভিন ভিন আৰ্হিৰে সজা ভেলাঘৰত সকলো শ্ৰেণীৰ ৰাইজে উৰুকা পালন কৰে ।
আনহাতে আজি পুৱাই গা-পা ধুই, পৱিত্ৰ হৃদয়েৰে মেজিথলীলৈ আহি মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে কৰিলে প্ৰাৰ্থনা ।
একেদৰে মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জা-জলপান, পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাডু, মাহ কঢ়াই আদিৰে ভোগালীৰ ভোগ গ্ৰহণৰ পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয় ।