Share and Enjoy !

Shares

বৃহস্পতিবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰিত খিলঞ্জীয়া লোকৰ মাজত ভূমি পট্টা প্ৰদানৰ এক বিশেষ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

অসম চৰকাৰৰ ‘বসুন্ধৰা ২.০’ আঁচনিৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰূপায়ণ কৰা ‘পূর্তিমি আকেমাং ২.০’ আঁচনিৰ অধীনত আজি পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত ভূমি পট্টা বিতৰণ কাৰ্যসূচীত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ সৈতে অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই সমষ্টিটোৰ প্ৰায় ৩১০০ পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰে।

শিকদামাখাৰ আমৰি ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয়, ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমিৰ অধিকাৰ আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে ।

আনহাতে বিগত সময়চোৱাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙৰ বহুখিনি উন্নয়ন হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *