Share and Enjoy !

Shares

মুকলিৰ পূৰ্বে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকাৰ

বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লৈ মন্ত্ৰী পীযূষ হাজৰিকাই এই প্ৰকল্প মুকলি কৰিবলৈ অহা ২৯ তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ আহিব বুলি প্ৰকাশ কৰে লগতে এই প্ৰকল্পটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প বুলি প্ৰকাশ কৰে।।

উল্লেখ্য যে, ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ ৰাইজৰ বাবে বটদ্ৰৱা প্ৰকল্প মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দুহেজাৰ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰনি জনোৱা হব।।

এই বিশেষ অনুষ্ঠানৰ পূৰ্বে আজি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মন্ত্ৰী পিযুষ হাজৰিকা , বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাস উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *