Share and Enjoy !

Shares

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।

আজি ৰহাত মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলাই ৷ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ প্ৰচাৰ চলাই পীযুষ হাজৰিকাই৷ ৰহাৰ চাপৰমুখত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি পীযুষ হাজৰিকাই কয়- বিজেপিৰ চৰকাৰ আহিলে অহা পাঁচ বছৰত ১৮ হাজাৰ কোটি টকা খৰচ কৰি বানমুক্ত অসম গঢ়িব৷ ৰহা সমষ্টি ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই ৰহাত সকলো মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

লগতে তেওঁ কয়- “কংগ্ৰেছক ভোট দিলে ভোট কেইটা নষ্ট হ’ব৷ অহা বছৰৰ পৰা জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷ কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয়কে ধৰি সকলো আঁচনি বন্ধ হ’ব৷’’

 

Leave a Reply

Your email address will not be published. Required fields are marked *