যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ কাছমাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই।
সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কয় – “অসমত বিজেপিয়ে ৯০ খনতকৈ অধিক আসন লাভ কৰিব। দাড়ি টুপি থকা মানুহ গুৱাহাটীলৈ যাবলৈ ভয় কৰাটো বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি।’’
তেওঁ লগতে কয়- কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দিনত নগাঁৱত গুণ্ডাগিৰি কৰা গুণ্ডা এতিয়া বিচনাৰ তলত। মুখ্যমন্ত্ৰীয়ে দুটা চিলিণ্ডাৰ দিয়াৰ কথা ঘোষণাৰ বিষয়ে মন্তব্য কৰে পীযুষ হাজৰিকাই।