Share and Enjoy !

Shares

দেওবাৰে ডিব্ৰুগড়ৰ নামৰূপত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।।নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্ভাষণ জনায় প্রধানমন্ত্ৰী মোদীক।নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ স্বৰূপে চাওলুং চ্যুকাফাৰ স্মাৰক প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।।

হাপজান পথাৰত বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে।অসমীয়াত ভাষণ আৰম্ভ কৰে আৰু চ্যুকাফাৰ পৰা সতী সাধনীলৈ।ভীমবৰ দেউৰী, ইন্দিৰা মিৰি, সৰ্বানন্দ সিংহকো স্মৰণ মোদীৰ। লাচিত বৰফুকন, কুশল কোঁৱৰকো মোদীয়ে শ্ৰদ্ধাঞ্জলি।যাচে।

নামৰূপত প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১০,৬০০ কোটি টকাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটোত এম’নিয়া আৰু ইউৰিয়া উৎপাদন হ’ব। বছৰি ১২লাখ মেট্ৰিকটন সাৰ উৎপাদন হ’ব। এদিনত ২,২০০ টন এম’নিয়া, ৩,৮৫০ টন ইউৰিয়া উৎপাদন হ’ব। ২০৩০ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হ’ব।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে হাপজান পথাৰত বিশাল জনসভা কয়, ‘‘ আজি নামৰূপৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল। আজি সকলোৰে মুখে মুখে অসমৰ বিকাশৰ কথা। এয়া মাত্ৰ আৰম্ভণি, অসমক বহু আগুৱাই নিব লাগিব। আহোম ৰাজ্যৰ দৰে শক্তিশালী হ’ব বিকশিত অসম। এই সাৰ কাৰখানাটো অসমৰ কৃষকৰ নামত সমৰ্পণ কৰিলোঁ।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘‘আমাৰ দিনত ২৫কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। আগতে গাঁৱৰ দুখীয়া লোকৰ এখন চাইকেলো নাছিল। ১০টাৰ ভিতৰত এটা ঘৰতো চাইকেল নাছিল। এতিয়া গাঁৱৰ আধা লোকৰ ঘৰতে বাইক বা গাড়ী আছে। আমি অসমীয়াৰ পৰিচয়ক সদায় অগ্ৰাধিকাৰ দিছোঁ। মই অসমৰ গামোচাক বিশ্বত চিনাকি কৰাই দিছোঁ। মই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক অসমৰ চাহ উপহাৰ দিছোঁ’’

Leave a Reply

Your email address will not be published. Required fields are marked *