দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে ইম্ফলত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাই ৰাষ্ট্ৰপতিগৰাকীক সম্বৰ্ধনা জনায়।
পৰম্পৰাগত গাৰ্ড অৱ অনাৰেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মাপাল কাংজেইবুঙত প’লোৰ প্ৰদৰ্শনী মেচ উপভোগ কৰিব।
আনহাতে সন্ধিয়ালৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত ৰাজ্য চৰকাৰে আয়োজন কৰা নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰিব।
