দুদিনীয়া অসম ভ্ৰমণ সামৰি দিল্লী অভিমুখে যাত্ৰা প্ৰিয়ংকা গান্ধীৰ।
শুকুৰবাৰে দিনৰ ১১-৪০ বজাত দিল্লী অভিমুখে যাত্ৰা কৰে প্ৰিয়ংকা গান্ধীয়ে।
বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল কংগ্ৰেছনেত্ৰীগৰাকী
মানৱেন্দ্ৰ শৰ্মা কম্পেক্সত অনুষ্ঠিত বৈঠকত অংশ লৈছিল কংগ্ৰেছনেত্ৰীগৰাকীয়ে। দলীয় কাৰ্যকৰ্তাৰে বহিছিল বৈঠকত।।তাত তেওঁ উন্মোচন কৰিছিল বিজেপিৰ বিৰুদ্ধে এখন ইস্তাহাৰ পত্ৰ।
প্ৰদেশ কংগ্ৰেছৰ জিলা সভাপতি তথা বিধায়কসকলৰ সৈতে বহিছিল বৈঠকত।
শুকুৰবাৰে পুৱাই সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে কিছু সময় তেওঁ জুবিনৰ সমাধিক্ষেত্ৰত কটায়। তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় ।প্ৰিয়ংকা গান্ধীক সেই সময়ত সংগ দিয়ে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াই।।