তিতাবৰৰ বৰহোলা তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড। তিতাবৰত অনুষ্ঠিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাৰ পৰা যাত্ৰী লৈ ওভতনি যাত্ৰা কৰা এখন টাটা মেজিক বাহন এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন।
জানিব পৰা মতে,, AS 05 C 0355 নম্বৰৰ টাটা মেজিকখন ৰাহুল গান্ধীৰ সভাৰ পৰা আহি যাত্ৰীসহ বৰহোলা তিনিআলিত ৰৈছিল। যাত্ৰীসকলে বাহনখন পাৰ্কিং কৰি থৈ কাষৰে এখন হোটেলত চাহ খাবলৈ যোৱাৰ পাছতেই হঠাতে বাহনখনত জুইৰ সূত্ৰপাত ঘটে। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে অগ্নিকাণ্ডৰ ফলত গোটেই বাহনখন ভস্মীভূত হয়।
এই ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই। কেনেকৈ এই ঘটনাটো সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।