ৰঙিয়া সমষ্টিৰ অন্তৰ্গত দিহিনা দামোদৰ দেৱ সত্ৰত সবাহ মহোৎসৱৰ আয়োজন। এই সবাহ মহোৎসৱ উপলক্ষে উলিওৱা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ সকলো লোকে অংশগ্ৰহণ কৰে।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে এই সবাহ মহোৎসৱ। সমগ্ৰ অঞ্চল জুৰি সবাহ মহোৎসৱস্থলীত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে জিপাল হৈ উঠিছে সবাহ মহোৎসৱস্থলী।