দেওবাৰে কংগ্ৰেছ যোগদান কৰি বুধবাৰে ত্যাগ কৰিলে কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ বিস্ফোৰক পত্ৰ লিখিল ৰেজাউল কৰিম সৰকাৰে ত্যাগ কৰিলে কংগ্ৰেছ দল।
পদত্যাগ পত্ৰত উল্লেখ কৰিছে,নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ বাবে দল ত্যাগ কৰিছে ৰেজাউল কৰিম সৰকাৰে।।দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে পত্ৰত।
লগতে দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱা বাবে দুখ প্ৰকাশ কৰে ৰেজাউল কৰিম সৰকাৰে।
উল্লেখ্য যে দেওবাৰে ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰি শিৱসাগৰক ধুবুৰী সজোৱা কথা কৈছিল। এই বিতৰ্কিত মন্তব্য কৰাৰ পিছতে ক্ষোভৰ জুই জ্বলিছিল ৰাজ্য