আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস। সমগ্ৰ দেশতে আজি উদযাপন কৰা হ’ব ৭৭ সংখ্যক গণৰাজ্য দিৱস । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত আজি মূল অনুষ্ঠান আয়োজন কৰা হৈছে । ।
সমগ্ৰ দেশৰ লগতে আজি অসমতো ৰাজ্যজুৰি উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্য়ালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হ’ব।খানাপাৰাত পতাকা উৰুৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰদৰ্শন কৰা হ’ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী।২৬ জানুৱাৰী কেৱল এটা দিনেই নহয়। এয়া ভাৰতৰ ইতিহাস স্মৰণ কৰাৰ সময়। ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰ দৰে এইবাৰো ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে বর্ণাঢ্য কার্যসূচীৰে পালন কৰা হব(Republic Day Celebration 2026)।
উল্লেখ্য যে, ১৯৫০ চনৰ আজিৰ (২৬ জানুৱাৰী) দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰে ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে উলহ মালহেৰে পালন কৰা হয়।
ভাৰত স্বাধীন হোৱাৰ আগতেই ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ-গঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাচত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয়।সংবিধান সভাই ড০ ভীমৰাও আম্বেদকাৰৰ সভাপতিত্বত পণ্ডিত জৱাহৰলাল নেহৰু, চর্দাৰ বল্লভ ভাই পেটেল, কে. এম. মুন্সী, ড০ হৰেন্দ্ৰ কুমাৰ চট্টোপাধ্যায়, চৈয়দ মহম্মদ চাদুল্লা আদি ব্যক্তিক সদস্য হিচাপে লৈ সংবিধানৰ খচৰা প্ৰস্তুতিৰ বাবে এখন শক্তিশালী কমিটি গঠন কৰি দিয়ে। ড০ আম্বেদকাৰৰ নেতৃত্বত খচৰা প্ৰস্তুতি কমিটিয়ে ১৯৪৯ চনৰ ১৬ নৱেম্বৰত ভাৰতৰ সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কার্যকৰী হয়।