বজালী জিলা প্ৰশাসনৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি।
গণৰাজ্য দিৱস উপলক্ষে বজালী জিলা আয়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত প্ৰাতি ক্ৰিকেট খেল এখন অনুষ্ঠিত হ’ব।
ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত এইবাৰ বজালী জিলা প্ৰশাসনে অনুষ্ঠিত কৰিব গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী।
বজালী জিলা প্ৰশাসনৰ উদ্যোগত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ খেলপথাৰত এইবাৰ বজালী জিলাত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব।
এই উপলক্ষে জিলা প্ৰশাসনে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে
৭খন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকে পেৰেডত অংশগ্ৰহণ কৰা দেখা যায়।
ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী প্ৰশাসনে পেৰেডত অনুশীলন কৰা দেখা যায়
বজালী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰবৰ্তীয়ে খেলপথাৰত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ।