চামগুৰিত উপস্থিত হায়দৰাবাদ আৰক্ষীৰ । সোণ চোৰৰ বিৰুদ্ধে চামগুৰিত অভিযান চলাই হায়দৰাবাদ আৰক্ষীয়ে।।অভিযানত আটক পুৰণিগুদাম চলচলীৰ এজন যুৱকক। হায়দৰাবাদত বিভিন্ন চুৰি কাৰ্যত জড়িত থকাৰ লগতে প্ৰায় ১৩টোলা সোণ চুৰি কৰাৰ অভিযোগত আটক কৰে যুৱকজনক।আটকাধীন যুৱক জনৰ নাম মিঠুন ৰাজখোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বেও হায়দৰাবাদত বহুকেইটা চুৰি কাৰ্যৰ অভিযোগত জেলত আছিল আকটাধীন যুৱকজন। ইপিনে চামগুৰি আৰক্ষী আৰু হায়দৰাবাদ আৰক্ষীৰ যৌথ অভিযানত আটক কৰিবলৈ সক্ষম হয় যুৱকজনক। অধিক সোধ-পোছৰ বাবে যুৱ জনক গ্ৰেপ্তাৰ কৰি হায়দৰাবাদলৈ ৰাওনা হায়দৰাবাদ আৰক্ষীৰ দলটো।