Share and Enjoy !

Shares

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত উদ্ধাৰ বৃহত পৰিমাণৰ নগদ ধন।চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনাৰ বৰজুৰীত এখন ৰখাই থোৱা স্কুটিৰ পৰা উদ্ধাৰ হয় টকাখিনি।

শালনা আৰু বৰজুৰি সংযোগী পথত ৰখাই থোৱা AS 02 R 8641নম্বৰৰ ক’লা ৰঙৰ স্কুটি খনৰ পৰা উদ্ধাৰ কৰে টকাখিনি।

প্ৰথমে স্থানীয় লোকে স্কুটিখন প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত চামগুৰি আৰু শালনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টকাখিনি।

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে বৰ্তমানলৈকে ঘটনাক লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই।

জানিব পৰা মতে, আৰক্ষীয়ে ২৭ লাখ ১৭ হাজাৰ ৮০০ টকা জিম্মাত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *