Share and Enjoy !

Shares

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন।নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই চামগুৰিত বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা । বিগত কেইদিনমান ধৰি চামগুৰিৰ পেনাই, গেৰুৱামুখত গা কৰি উঠিছে নিৰ্বাচনী হিংসাই।

শনিবাৰে নিশা কংগ্ৰেছৰ তিনিখনকৈ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে কংগ্ৰেছক সমৰ্থন কৰা এজন লোকৰ ব্ৰইলাৰ দোকানত অগ্নিসংযোগ কৰাৰ অভিযোগ। কংগ্ৰেছৰ কৰ্মীক মিছা গোচৰত ফচাই ঘৰৰ বাহিৰত ৰাখি বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰি। আৰক্ষী প্ৰশাসনে একপক্ষীয় ভূমিকা গ্ৰহণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছ কর্মীয়ে।

কংগ্ৰেছৰ কৰ্মীয়ে দিয়া গোচৰৰ কোনো তদন্ত নকৰি বিজেপিয়ে দিয়া গোচৰৰ ভিত্তিত খাটোৱাল আৰক্ষীয়ে প্ৰত্যেক দিনাই বিচাৰি অহাৰ অভিযোগ।

কংগ্ৰেছ কৰ্মীসকলে স্থানীয় খাটোৱাল আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে। তেওঁলোকৰ অভিযোগ মতে, আৰক্ষীয়ে বৰ্তমান সম্পূৰ্ণ একপক্ষীয় ভূমিকা গ্ৰহণ কৰিছে। কংগ্ৰেছ কৰ্মীসকলে দিয়া এজাহাৰৰ কোনো তদন্ত নকৰাকৈ কেৱল বিজেপিৰ অভিযোগৰ ভিত্তিতহে আৰক্ষীয়ে অভিযান চলাইছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *