হিংসা,হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা। কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে।
দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে বিহপুৰীয়াত চাঞ্চল্যকৰ ঘটনা ৷বিহপুৰীয়াত পিতা-পুত্ৰই মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে জেষ্ঠ ভাতৃক। মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাটো।
জানিব পৰা মতে, লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শ’লমাৰি নাথ গাৱঁত মঙলবাৰে পুৱা দীৱালীৰ কল পুলিক লৈ সৃষ্টি হয় কাজিয়া। কাজিয়াৰ মাজতে ভাতৃ আৰু ভতিজাই ৰদেৰে মৰিয়াই হত্যা কৰে সাধন নাথ নামৰ লোকজনক।
এই হত্যাকাণ্ড ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
এই হত্যাকাণ্ডৰ লগত ৰাজীৱ নাথ,প্ৰদীপ নাথ,বাপন নাথ,আৰু পুষ্প নাথ জড়িত থকাৰ অভিযোগ।
