এক চাঞ্চল্যক ঘটনা । পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক। কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম(Sensational Incident) ।
দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেম বাবে হত্যাৰ বলি হ’ল এগৰাকী লোক ।
পৰকীয়া প্ৰেমৰ বাবে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ নিজ পত্নীৰ বিৰুদ্ধে। মৃত লোকজন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী শচীন দাস বুলি জানিব পৰা গৈছে ।
মহানগৰীৰ নাৰেংগীৰ সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো।।
ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।