ইফতাৰ কৰা নহ’ল হেলাল উদ্দিনৰ।ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হেলাল উদ্দিন।
শ্ৰীভূমি জিলাৰ মালুয়া জলালপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় এজন স্কুটি আৰোহীৰ। বদৰপুৰৰ দিশৰ পৰা AS 01 GB 3145 নম্বৰৰ স্কুটি লৈ হেলাল উদ্দিন ঘৰলৈ উভতি যোৱা সময়তে শ্ৰীভূমিৰ দিশৰ পৰা তীব্ৰগতিত অহা TR 05 J 1900 নম্বৰৰ ডাম্পাৰে স্কুটিখনক খুন্দা মাৰে। সংঘৰ্ষত ডাম্পাৰৰ তলত স্কুটি আৰোহীজন সোমাই পৰে আৰু ঘটনাস্থলীতেই মৃত্যু হয় হেলাল উদ্দিনৰ।
ঘটনাৰ পাছতে ক্ষুব্ধ স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বদৰপুৰ আৰক্ষীৰ এটা দল।উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।
স্থানীয় ৰাইজৰ অভিযোগ, কান্দিগ্ৰামস্থিত শেট্টি মিলৰ সন্মুখত প্ৰতিদিনে অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰা হয়, যাৰ ফলত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হৈ আছে।