Share and Enjoy !

Shares

চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। যুকজনৰ মৃতদেহ উদ্ধাৰকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি যুকজনৰ হত্যা কৰা হৈছে উদ্ধাৰ হোৱা মৃতদেহটো ২ নং চিলাগাঁওৰ জানকী দেৱ নাথৰ বছৰীয়া পুত্ৰ জয়ন্ত দেৱ নাথৰ (২১)।বুলি জানিব পৰা গৈছে

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া গাঁৱৰে কোনো সমনীয়াৰ লগত ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱকজন মৃত অৱস্থাত নিশা প্ৰায় ৯.৩০ বজাত চিলা জনজাতী হাইস্কুলৰ সমীপৰ পথৰ দাঁতিত উদ্ধাৰ হয়। পৰিয়াল লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চিলাপথাৰ থানালৈ লৈ আহে।

পৰিয়ালৰ লোকো দাবী কৰা মতে জয়ন্তক পৰিকল্পিত ভাৱে হত্যা কৰিছে। ঘটনাৰ শীঘ্ৰে তদন্ত চলাই দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে মৃতকৰ পৰিয়ালে।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *