মঙলবাৰে নিশা শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠান।
জানিব পৰা মতে, এখন ফাৰ্নিচাৰৰ দোকানৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত হয়।
পাছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বে জ্বলি ভস্মীভূত হয় সকলো।
বৈদ্যুতিক বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।