Share and Enjoy !

Shares

নিৰ্বাচনৰ লৈ লক্ষ্য কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

ৰাজ্যৰ কটকটীয়া নিৰাপত্তাৰ মাজতে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ। আৰক্ষীৰ নাকা চেকিঙৰ সময়ত বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ।

মণিপুৰৰ পৰা কাছাৰলৈ সৰবৰাহৰ সময়ত লক্ষীপুৰত জব্দ কৰা হয় টেবলেটখিনি। লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত শিলচৰ – ইম্ফল ৰাষ্ট্ৰীয় পথৰ পলেৰবন্দত তালাচী চলাই লক্ষীপুৰ আৰক্ষী আৰু অসম ৰাইফলছে এখন বলেৰ’ বাহনৰ পৰা ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে।

তিনিটা পেকেটত উদ্ধাৰ কৰা টেবলেটখিনিৰ‌ ওজন ৩.৩৯ কিলোগ্ৰাম। জব্দ কৰা টেবলেটখিনিৰ‌ ক’লা বজাৰত মূল্য প্ৰায় ৭কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।

টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। টেবলেটৰ সৈতে আৰক্ষীয়ে MZ02C -3197 নম্বৰৰ বলেৰ’ বাহনখন আৰু দুটা মোবাইল ফোন জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *