ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিলচৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
অভিযানত বুজন পৰিমাণৰ সুৰা জব্দ।।মেঘালয়ৰ পৰা মিজোৰামলৈ সৰবৰাহৰ সময়ত শিলচৰত জব্দ কৰে সুৰাখিনি।
গোপন তথ্যৰ ভিত্তিত এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে বিভিন্ন ব্ৰেণ্ডৰ মুঠ ১৯৫ কাৰ্টন সুৰা জব্দ কৰে।
উল্লেখ্য যে, জব্দ কৰা সুৰাৰ ভিতৰত ১২০টা কাৰ্টন ৰয়েল ষ্টেগ,৩০ কাৰ্টন ব্লেণ্ডাৰ প্ৰাইড,২৫টা কাৰ্টন ছিগনেচাৰ আৰু ১৬টা কাৰ্টনছ মেকডৱেল ব্ৰেণ্ডৰ সুৰা আছে। ইপিনে সুৰাখিনি মেঘালয়ৰ পৰা শিলচৰৰ মাজেৰে মিজোৰামলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। অবৈধভাৱে সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছে। ধৃত দুজন কাটিগৰা নুন নগৰৰ মাছুম আহমেদ লস্কৰ আৰু আব্দুল ৱাহিদ বুলি জানিব পৰা গৈছে।